Prem - Bound Morphemes - Prandeep Das

2026-09-22 14:46:46

音乐获取中...
歌词

প্ৰেম মিঠা যাতনা

ভূলতো নুবুজা যদি সোধো মোৰ প্ৰেয়সী

প্ৰেম এসাগৰ অপেক্ষা মেঘৰ আৰঁৰ জোনবাই

দেহাত সানি লোৱা আভা

প্ৰেম নতুন সুৰুজৰ

শীৰে শীৰে বোৱা প্ৰীতিৰ নীলা

প্ৰেম হৃদয়ৰ স্পন্দন

ৰাঙলী ৰঙীন কলিজা

প্ৰেম আপোন পাহৰা

তৰালীৰ শীতল দলিচা

প্ৰেম জোনাকীৰ জিলমিল

কপাহী কোমল আইঅৰ চাদৰ হবানে?

দুগালেদি যদি বৈ যায় চকুলোৰে মুকুতা

আকৌ সজাবলে সাহস হবানে

শাওনৰ ধুমুহাত যদি সপোন ভাগি পৰে

জিয়াব দিবানে আকৌ তোমাৰ মায়াত

দিবানে জিৰাব মূৰ থৈ তোমাৰ কোলাত

অবুজ ভাবনাৰ আকাশ

সাচিঁ থোৱা যত’ মনৰ বাতৰি

প্ৰেম মিঠা অনুভূতি

মিছা অভিমানৰ প্ৰকাশ

প্ৰেম এবুকু আকুলতা

মনৰ চঞ্চল প্ৰকাশ

প্ৰেম মিঠা ৰদালি

সৰা শেৱালিৰ সুবাস

সজা ভাঙি উৰি আহে

যদি হাৰি যাওঁ জীৱন নামৰ খেলাত

সৰা পাতেৰেই ৰংঘৰ সাজি

চকু টিপিয়াই মাতে

শিহৰণ তুলি বুকুৰ পদূলি

প্ৰেমে গৰকি যায়

দিন ৰাতি হয় ৰাতি দিন হয়

সময়ো ৰৈ যায়

প্ৰেম ভাগৰ পাহৰা সকলো ভাল লগা সময়

夸克MP3:
夸克FLAC:

TAGS